Kiosk Guides for Learning

যিজনে কাইলৈৰ বাবে
একো কৰিবলৈ নাৰাখে,
তেওঁৱেই মহৎ কর্ম সম্পাদন কৰে। --
বাল্টছাৰ গ্রেছীয়ান
১৬০১-৫৬ স্পেনিছ

এলাহ বা হেমাহিৰ পৰা আঁতৰি থাকক

কোনো এটা পৰিকল্পনাৰ সৈতে আপোনাৰ হেমাহি জড়িত হৈ থাকে নেকি?
 অথবা ই (হেমাহি) এটা অভ্যাস নেকি?

হেমাহিৰ প্রতিবিধানঃ

১) এটা সাধাৰণ পৰিকল্পনাহাতত লওঁক
২) তলত দিয়া প্রাথমিক প্রশ্নবোৰৰ সমাধান দিয়ক
৩) অগ্রগতিৰ ( পৰিকল্পনাটোৰ) খতিয়ান লোৱাৰ আগতে সমাধানবোৰ প্রস্তুত কৰি ৰাখক ।

আপুনি কি কৰিব বিচাৰে ?

  • তালৈ অর্থা ৎ মুখ্য উদ্দেশ্য অভিমুখে যোৱাৰ প্রধান উপায়বোৰ কি কি?
    তন্নতন্নকৈ জানিবৰ প্রয়োজন নাই; অৱশ্যে দৃষ্টি প্রসাৰিত হ’ব লাগে
  • তালৈ অর্থা ৎ মুখ্য উদ্দেশ্য অভিমুখে যোৱাৰ প্রধান উপায়বোৰ কি কি?
    তন্নতন্নকৈ জানিবৰ প্রয়োজন নাই; অৱশ্যে দৃষ্টি প্রসাৰিত হ’ব লাগে
  • আপুনি কিমানদূৰ অতিক্রম কৰিলে?
    স্বীকাৰ কৰিব যে আপুনি কামটো আৰম্ভ কৰিছেই, যদিও ইয়াক ভবাহে হৈছে। যিহেতু এটা সুদীর্ঘ ভ্রমণ প্রথমটো খোজৰ পৰাহে আৰম্ভ হয়।

এয়া আপুনি কিয় কৰিবলৈ বিচাৰে?

  • আপোনাৰ অনুপ্রেৰণাৰ কাৰক কি?
    যদি আপোনাৰ অনুপ্রেৰণাৰ কাৰক নেতিবাচক হয়, তেনে হ’লেও আপুনি চিন্তা নকৰিব এয়াই সৎ আৰু শুভ আৰম্ভনি। যি কি নহওক, যদি আপোনাৰ অনুপ্রেৰণাৰ কাৰক নেতিবাচক হয়; ই ইতিবাচক নোহোৱাকৈ পুনঃসম্পাদন কৰক, পুনঃনির্মান কৰক।
  • আপোনাৰ লক্ষ্যপ্রাপ্তিৰ পিছত অন্য কেনেধৰণৰ ইতিবাচক ফলাফলে দেখা দিব পাৰে ?
    এইবোৰৰ চিনাক্তকৰণে আপোনাৰসন্মুখত সেইবোৰৰ লাভালাভৰ সম্ভাৱনাক উন্মুক্ত কৰিব যিবোৰৰ পৰা আপুনি আঁতৰি আছিল। সপোন দেখিবলৈ সাহস কৰক

এতিয়া আপোনাৰ পথত কি কি বাধা-বিঘিনিয়ে দেখা দিব পাৰে তাৰ এখন তালিকা কৰক। ;

  • আপোনাৰ উদ্দেশ্যক বাস্তৱায়িত কৰিবলৈ আপোনাৰ দক্ষতা/ ক্ষমতা কেনেধৰণৰ?
  • আপোনাৰ নিজৰ যিখিনি ক্ষমতা বা দক্ষতা আছে সেইখিনিৰ বাহিৰেও আপুনি কেনেধৰণৰ সুযোগ সুবিধা বিচাৰে ?
    সুবিধাবোৰ যে কেৱল শাৰীৰিক (physical) হ’ব ( যেনে সা-সৰঞ্জাম আৰু টকা-পইচা) তেনে নহয়; সময়, ব্যক্তি/ বিত্তিধাৰী বা জ্যষ্ঠ সহযোগী, আনকি অৱস্থাও ইয়াৰ অন্তর্ভূক্ত হ’ব পাৰে ।
  • যদি আপুনি অগ্রগতি লাভ নকৰে ,তেন্তে কি হ’ব?
    এনে আশংকাই আপোনাক কিঞ্চিতমানো আতংকিত কৰা উচিৎ নহ’ব।

‘কৰিবলগীয়া কাম’’ৰ (To do list) তালিকা এখন প্রস্তুত কৰি উলিয়াওক।
এই সৰু কার্যক্রমণিকাখনে আপোনাক কিছু কামৰ চিনাক্তকৰণ, সেইবোৰ কৰিবলগাৰ কাৰণ আৰু সেইবোৰ নিয়াৰিকৈ কৰিবলৈ এক সময়সূচী নির্ধাৰণত সহায় কৰিব। তাৰ পাছত এই সাধাৰণ তালিকাখন ছপা কৰি এক স্মাৰকৰূপে প্রস্তুত কৰি ৰাখক।

এতিয়া আপোনাৰ আঁচনি বা কৰিবলগা কামৰ তালিকাখনৰ উত্তৰণ ঘটাওক।

  • প্রধান, বাস্তৱধর্মী আৰম্ভণি
    এটা পৰিকল্পনা সফল হয়, যেতিয়া ইয়াক পর্যায়ক্রমে আৰম্ভ কৰা হয়। সৰু কামেৰেই আৰম্ভ কৰক।
    আগবাঢ়ি যোৱাৰ লহে লগে লাভ কৰা তথ্য আৰু জটিলতাবোৰ যোগ কৰক। ৰৈ নাযাব, গৈ থাকক আগলৈ।
  • প্রতিটোৱে কিমান সময় লয়।
    এখন কার্যক্রমণিকা বা নির্ঘন্টই আপোনাক অগ্রগতিৰ খতিয়ান ৰখাত আৰু আপোনাৰ গতিপথ নির্ধাৰণত সহায় কৰে।
  • আপুনি কাম কৰিবলৈ দিনটোৰ কোনোখিনি সময়, দিন, বাৰ , সপ্তাহ আদি স্থিৰ কৰিছে। ই আপোনাক এনেধৰণৰ সহায় কৰিব—
    কাম কৰাৰ এটা নতুন অভ্যাস গঢ়ি তোলক । কর্মময় পৰিবেশ এটা গঢ়ি তোলক অন্যমনস্কতাক আসৈ নিদিব। (অন্যমনস্কতাক প্রশ্রয় নিদিলে, আপোনাৰ পৰিকল্পনাটো সহজভাৱে ৰূপায়ন কৰিবলৈ সক্ষম হ’ব।)
  • ফলস্বৰূপে আপুনি অগ্রগতিৰ প্রতিটো পদক্ষেপতে প্রাপ্তিৰ আনন্দ উপলব্ধি কৰিব।
    আৰু একে সময়তে আপুনি বহুতখিনি কৰিব নোৱাৰাৰ অসন্তুষ্টিও অনুভৱ কৰিব।
  • পর্যালোচনাৰ বাবে এটা সময় নির্ধাৰণ কৰক
    আপুনি আপোনাক উৎসাহিত অথবা প্রেৰণা যোগাবপৰা এজন বিশ্বাসী, জ্যষ্ঠ বা দক্ষ বন্ধু বিচাৰি লঁওক।

স্বীকাৰ কৰকঃ

  • শিকন অভিজ্ঞতাৰ মিছা আৰম্ভনি আৰু ভুলবোৰ।
    এইবোৰ সাফল্যতকৈ বেছি গুৰুত্বপূর্ণ আৰু ‘অভিজ্ঞতা’ক প্রকৃত অর্থত সমৃদ্ধ কৰে।
  • বাধা-বিঘিনি আৰু পলায়নবাদী মনঃ
    এইবোৰৰ অস্তিত্ব অস্বীকাৰ নকৰিব, কিন্তু এইবোৰৰ ওচৰত পৰাজয়ো স্বীকাৰ নকৰিব।
  • আবেগঃ
    লক্ষ্যস্থানৰ পৰা বিচলিত হোৱা যেন দেখিলে হতাশাৰ অস্তিত্বক স্বীকাৰ কৰক। স্বীকাৰ কৰক যে আপোনাৰ এটা সমস্যা আছিল, কিন্তু আপুনি এই বিষয়েই কিবা এটা কৰিও আছে।
  • উদ্ভট সপোন
    কল্পনা কৰক যে আপুনি সফল হ’লেই।

উপসংহাৰঃ যদিহে হেমাহি আপোনাৰ এটা অভ্যাস—তাৎক্ষণিক কর্ম আৰু পৰিকল্পনাবোৰ হাতত লওক আৰু তাৰপৰাই পুনৰ আৰম্ভ কৰি দিয়ক। যিহেতু, প্রথমটো খোজৰ পৰাই এটা যাত্রা আৰম্ভ হয়।