Kiosk Guides for Learning

নিজকে স্ব-প্রনোদিত কৰা

খণ্ড ৩ঃ
বাহ্যিক প্রনোদনক আভ্যন্তৰীণ
প্রনোদনলৈ পৰিবর্তন ঘটাওকঃ
পৰিপ্রেক্ষাত চকু ৰাখক

এটা পুৰণি মার্কিন প্রবাদে আমাক উদগনি যোগায় যাতে আমি ‘পুৰষ্কাৰত চকু’ ৰাখো (keep your eyes on the prize) । বে’চবল খেলৰ বিজয়ীজনে কিমান অনুশীলন চলায়? কিমান বাৰ তেওঁ বল কোবাব নোৱাৰি বাহিৰ হ’ ব ল’ গা হয়? সদায় দৈনন্দিন কাম আৰু দায়িত্ব সমূহত একাগ্র মনোযোগ দিয়ক—লক্ষ্য মনত ৰখি, বিশেষকৈ যেতিয়া বহুবোৰ কঠিন যেন লাগে

উদাহৰণঃ

  • মই ইতিহাসৰ পৰীক্ষাৰ কাৰণে চন-তাৰিখ মনত ৰাখো; যেতিয়া মই ইতিহাসত পাচ কৰিম, মই ডিগ্রী লাভ
    কৰিম।
  • মই কৰণীয় কাম (assignments) ভালকৈ সম্পন্ন কৰো, কাৰণ ইয়াৰ ফলত এখন গাড়ী কিনিব পৰাকৈ অর্জন বঢ়াব পাৰিম।
  • মই কম্প্যুটাৰৰ এই প্রগ্রেমটো শিকিছো চাকৰীৰ আৱশ্যকীয় অর্হতা হিচাপে, কিন্তু এই অতিৰিক্ত অর্হতাটোৱে মোৰ চাকৰিৰ পদোন্নতিত সহায় কৰিব ।
  • মই মোৰ প্রশিক্ষকক সন্তুষ্ট কৰিবলৈ খেলত অধিক মনোনিবেশ কৰিছো, এইটোৰ ফলত মই আহৰণ কৰা অতিৰিক্ত কৌশলে মোৰ দলটোক জয়ী হোৱাত অৰহণা যোগাব।

খণ্ড ৪ঃ হেঁচা আৰু বাহ্যিক প্রত্যাহ্বান

আপোনাৰ শিক্ষাক এতা নিৰবচ্ছিন্ন আঁচনি হিচাপে গন্য কৰক।
বাহ্যিক পুৰস্কাৰ আৰু শাস্তিক প্রেক্ষাপটত ৰাখি আগবাঢ়ক।
বাহিৰৰ পৰা আনে কি প্রতিক্রিয়া জনালে সেই কথা পাহৰি গৈ আপনাৰ লক্ষ্য আৰু ইয়াৰ পৰা হ’ব পৰা পৰিণতিৰ প্রতি দৃষ্টি ৰাখক।

  • শেহতীয়াকৈ আপুনি কি শাস্তি ভোগ কৰিছে ?
  • সেই শাস্তি আপোনাৰ প্রাপ্য বুলি আপুনি ভাৱেনে? কিহৰ কাৰণে সেই শাস্তিটো পালে আপুনি?
  • শেহতীয়াকৈ আপুনি কি পুৰষ্কাৰ পাইছে?
  • সেই পুৰষ্কাৰ আপোনাৰ প্রাপ্য বুলি আপুনি ভাৱেনে? কিহৰ কাৰণে সেই পুৰষ্কাৰটো পালে আপুনি?
খন্ড ২ঃ স্ব-প্রনোদন ঃ

আত্মপ্রণোদন ঃ অন্তর্নিহিত প্রণোদন |
স্ব-প্রনোদন ঃ বার্হিক প্রনোদন বার্হিক প্রনোদনবার্হিক প্রনোদন |
বাহ্যিক প্রনোদনক আভ্যন্তৰীণ প্রনোদনলৈ পৰিবর্তন ঘটাওকঃ পৰিপ্রেক্ষাত চকু ৰাখক |
ভুলৰ পৰা শিক্ষা লওক দৃশ্য ১ঃ