Kiosk Guides for Learning

সমস্যা সমাধানৰ প্রণালী

সমস্যা সমাধান আৰু সিদ্ধান্ত গ্রহণ

প্রকল্প পৰিকল্পনা /
শ্রেণীকোঠাৰ প্রকল্প পৰিচালনা

পদক্ষেপ ৩। বিকল্পৰ বর্দ্ধিতকৰণ

বিভিন্ন দিশৰ পৰা তোমাৰ সমস্যাটোক পর্যবেক্ষণ কৰা , বিচাৰ –বিবেচনা কৰা । আগতে নভবা-নিচিন্তা কৰা নতুন দৃষ্টিকোণৰ পৰাো বিচাৰ কৰি চোৱা।মূৰ ঘমাই বা খৰতকীয়াকৈ ভাবি উলিওৱা বিকল্পসমূহ কেতিয়াবা পাতল বা ওজন নাইকিয়া যেন লাগিব পাৰে কিন্তু সেইবোৰেই কেতিয়াবা সাঙ্ঘাতিক উদ্ভাৱনী প্রক্রিয়া এটাৰ বাট মুকলি কৰিব পাৰে। বিকল্প সমূহৰ যদি এখন তালিকা কৰা হয় তেতিয়া হ’লে সেইবোৰৰ সম্ভাৱনাৰ প্রতিও মুকলি মন এটা ৰাখি ভবা-চিন্তা কৰা

  • যথেষ্ট খা-খবৰৰ প্রয়োজন হ’ব পাৰে।
  • সেইবোৰৰ পৰা নতুন সমাধান পাব পাৰি।
  • বিকল্পবোৰ একেলগে কৰিব পাৰি নেকি?
  • বিকল্পবোৰৰ মাজত বিৰোধ ঘটিব পাৰে।
  • সম্ভাবনাপূর্ণ বা উত্তেজনাপূর্ণও হ’ব পাৰে

বিকল্পৰ ওজন নির্ণয়

সম্ভাব্য বিকল্পসমূহৰ তালিকা এখন কৰাৰ পিছত নিৰপেক্ষভাবে মূল্যায়ন কৰা । তেনে কৰোতে সেইবোৰৰ আবেদন বা বিস্বাদযুক্ততাক গুৰুত্ব দিয়াৰ পৰা বিৰত থাকিবা।

সকলো ধৰণ বান্ধোন সূত্র বিবেচনা কৰা। যদি উপায়সমূহ পাব পৰা নহয়, যদি গ্রহণ কৰিব লগা সকলে গ্রহণ বা কৰিব নোৱাৰে নতুবা নতুন সমস্যাবোৰহে সৃষ্টিৰ কাৰণ হয়, তেনেহ’লে উপযুক্ত ব্যাখ্যাৰে মীমাংশালৈ আহিব পাৰি্লেও কামত নাহিব।

সর্বোত্তম বিকল্প নির্বাচন কৰা

  • কোনো বিকল্পকে সমস্যাৰ সঠিক সমাধানৰ উপায় বুলি নেভাবিবা। যদি তেনে হয় তেতিয়া হ’লে প্রথম অৱস্থাতে সমস্যাটোক অনুভৱ কৰাটোৱেই টান হ’ব।
  • তোমাৰ সহজাত জ্ঞান বুদ্ধিক আওকাণ কৰিব নেলাগে। কার্যপ্রণালীত আগ বাঢ়োতে আত্মাৰ আহ্বান শুনিব লাগে।
  • ভৰসাযোগ্য কোনো ব্যক্তিও তোমাৰ সহায় হ’ব পাৰে, সেইটোও ভাৱিব লাগে। কিয়নো তুমি মনোযোগ নিদিয়াকৈ থকা কোনোবা দিশ তেওঁ দেখুৱাব পাৰে নতুবা সমাধানৰ যাত্রাপথত আন কিবা সমস্যা বা জটিলতাৰ সম্ভাৱনা দেখা পাই সাৱধান কৰিব পাৰে।
  • আপোচ কৰা। এৰাধৰা বা আপোচৰ মনোভাৱ এটাও ৰখাটো ভাল। কাৰণ সমস্যা সন্দর্ভতে হওক বা বিকল্পৰ ক্ষেত্রতে হওক নিজৰটোকে খামোচ মাৰি ধৰি থাকিলে একো সমাধান নোলায়।

বিকল্পৰ ওজন বা প্রাধান্য নির্ণয় কৌশল

Analytical Hierarchy Matrix

বিকল্পসমুহ

শাৰী মুঠ

স্থান

বিকল্প ক

৪র্থ

বিকল্প খ

২য়

বিকল্প গ

১ম

বিকল্প ঘ

৩য়

টমাচ চাটি’ৰ Analytical Hierarchy Matrix অনুসৰি ঘৰ আৰু শাৰী অনুযায়ী বিকল্পবোৰ তালিকাবদ্ধ কৰা । এতিয়া বিকল্প ‘ক’ৰ পৰা আৰম্ভ কৰি ঘৰ আৰু শাৰীৰ মাজেৰে গৈ প্রতিটো বিকল্পকে বাকী কেইটাৰ লগত তুলনা কৰি বিবেচনাৰ যোগ্যতা মতে মূল্যায়ন কৰা--

যেতিয়া বিবেচনাধীন বিকল্প এটা তুলনামূলকভাবে আন বিকল্পকেইটাতকৈ বেছি মূল্য থকা যেন লাগে

তেতিয়া তাক ১ নম্বৰ দিবা।

যেতিয়া কোনো এটা বিকল্প আন বিকল্পকেইটাতকৈ

কম মূল্যবান যেন লাগে ০ দিবা

এতিয়া কোনে কিমান নম্বৰ পালে যোগ কৰা। যিটোৱে বেছি নম্বৰ পায় উপযুক্ত পদ্ধতি অনুসৰি সেইটোৱেই গুৰুত্বৰ হিচাপত ১ম স্থান্ত থাকিব। ওপৰত দেখুৱা পদ্ধতিত বিকল্প ‘গ’ই প্রথম স্থান লাভ কৰি গ্রহণযোগ্যতাৰ ওজন প্রতিপন্ন কৰিলে।

SFF Matrix : উপযুক্ততা, সম্ভৱপৰতা, শিথিলতা

উপযুক্ততা

সম্ভৱপৰতা

শিথিলতা

মুঠ

বিকল্প ক

বিকল্প খ

বিকল্প গ

বিকল্প ঘ


এই পদ্ধতি মতেও বিকল্পৰ গুৰুত্ব নির্ণয় কৰিব পাৰি।
১ ৰ পৰা ৩লৈকে মূল্য স্থিৰ কৰা...

  • উপযুক্ততাঃ বিকল্পটো নীতি সম্বন্ধীয় নে কার্য সম্বন্ধীয়? গুৰুত্ব দিব পৰাকৈ যোগ্যতা আছে নে? যথোচিত সহাৰি পোৱা যাব নেকি?
  • সম্ভৱপৰতাঃ সমস্যাটো সমাধানৰ ক্ষেত্রত বিকল্পটোৰ বাবে কি কি উপায় বা সঙ্গতিৰ প্রয়োজন হ’ব? সকলবোৰ সহজে কৰিব পৰাটো সম্ভৱ হ’বনে? তুমি ভৱা বিকল্পটোৱে যে সমস্যাটোৰ সমাধান কৰিব তাৰ সম্ভাৱনীয়টা কিমান?
  • শিথিলতাঃ বিকল্পটোৰ প্রতি তোমাৰ বিশ্বাস আৰু দৃঢ়তা কিমান? কার্যক্ষেত্রত অনভিপ্রেত পৰিণাম বা নতুনকৈ উদ্ভৱ হ’ব পৰা সম্ভাৱনাৰ মুখামুখি হ’বলৈ তুমি সাজু নে? বিকল্পটোৰ কার্য প্রক্রিয়া এবাৰ আৰম্ভ কৰাৰ পিছত যিকোনো পৰিণামক স্বীকাৰ কৰিবলৈ তুমি কিমান প্রস্তুত?

প্রতিটো বিকল্পকে এনেকৈ চালি-জাৰি চাই প্রাধান্যৰ ভিত্তিত বিকল্প নির্ধাৰণ কৰা।


প্রকল্প পৰিকল্পনা / শ্রেণীকোঠাৰ প্রকল্প পৰিচালনা