Kiosk Guides for Learning

সমস্যা সমাধানৰ প্রণালী

সমস্যা সমাধান আৰু সিদ্ধান্ত গ্রহণ

প্রকল্প পৰিকল্পনা /
শ্রেণীকোঠাৰ প্রকল্প পৰিচালনা

সিদ্ধান্তৰ ৰূপায়ন
সিদ্ধান্ত ৰূপায়নৰ বাবে এটা পৰিকল্পনা কৰা।

উপাদানঃ

  • সমস্যা সমাধান কৰিবলৈ যাওঁতে প্রতিটো খোজতে লোৱা কার্যপ্রণালীৰ বিৱৰণ ৰখা
  • অংশীদাৰসকলৰ জ্ঞাতার্থে যোগাযোগৰ কৌশল হ’ব, প্রয়োজন সাপেক্ষে তোমাৰ শুভচিন্তকসকলক আৰু পৰিণামৰ বাবে লাভলোকচান হ’ব পৰা ভাগীদাৰসকলক তোমাৰ সম্ভাৱ্য সিদ্ধান্তৰ বিষয়ে জনাই আগতীয়াকৈ সাজু কৰি ৰখা।
  • সহায় লোৱা উপায়বোৰৰ চিনাক্তকৰণ আৰু বিভাজন
  • ৰূপায়নৰ বাবে লোৱা সময়ৰ হিচাপ ৰখা।

অগ্রগতি পর্যবেক্ষণঃ

তোমাৰ সিদ্ধন্ত ৰূপায়ন ফলপ্রসূ হ’ব যদিহে সমাধানৰ গোটেই প্রক্রিয়াটো ভালকৈ পর্যবেক্ষণ কৰি গৈ থকা। যেনেঃ গৃহীত সমল বা উপায়বোৰৰ ক্রিয়া প্রতিক্রিয়া, অংশীদাৰসকলৰ মনভাৱ , সময় সীমা, কার্যব্যবস্থাৰ অগ্রগতি আদি। যিহেতু তুমি তোমাৰ কামৰ অগ্রগতি সচেতনতাৰে লক্ষ্য কৰি আছা তেনেস্থলত তুমি নিবিচৰা ফলাফলৰ সম্ভাৱনা দেখিলে তোমাৰ ইচ্ছা আৰু বিকল্পৰ ক্ষেত্রত পুনর্বিবেচনা কৰাৰ থল থাকিব।

তুমি তোমাৰ লক্ষ্যত সফলেই হোৱা বা বিফলেই হোৱা এইটো উপলব্ধি কৰাটো অত্যন্ত প্রয়োজন , যে সমস্যা চিনাক্তকৰণৰ পৰা সিদ্ধান্ত গ্রহণ কৰালৈকে এই পথছোৱাৰ প্রতিটো পদক্ষেপৰ কার্যব্যৱস্থাৰ অভিজ্ঞতাৰ পৰা তুমি কি শিকিলা, তুমি নিজৰ সামর্থ্যৰ বিষয়েনো কিমান জানিলা আৰু তোমাৰ বাবে কি প্রয়োজন বা কি প্রয়োজন নহয়।

সদৌ শেষত, যদি তুমি তোমাৰ সামর্থ্যৰে সমস্যা সমাধান কৰি সিদ্ধান্ত গ্রহণ কৰিব পাৰিছা তেনেহ’লে তোমাৰ কৃতকার্যতা বা বিফলতাৰ মাপকাঠী নির্ণয়ত ই সহায়ক হ’ব।


প্রকল্প পৰিকল্পনা / শ্রেণীকোঠাৰ প্রকল্প পৰিচালনা