Kiosk Guides for Learning

শৰীৰটোক উপযুক্তভাৱে গঢ় দিছোঁ,
অনুশাসনৰ মাজত ৰাখিছোঁ,
নিজকে সন্মান দিবলৈ শিকিছোঁ
আৰু আৰু সময়ত ইয়াৰ ওপৰত
আস্থাও ৰাখিছোঁ---
মার্থা গ্রাহাম,
আমেৰিকীয় নৃত্যশিল্পী, ১৮৯৪-১৯৯১

আত্মানুশাসনৰ উত্তৰণ

আত্মানুশাসন
আত্মানুশাসনক একধৰণৰ মনোনীত প্রশিক্ষণ হিচাপে বিবেচনা কৰিব পাৰি, যি নতুন নতুন চিন্তা-ভাৱনা, কাম-কাজ, কথা-বতৰাৰ উপযুক্ত অনুশীলন কৰিবলৈ প্রেৰণা আৰু উদগনি দিয়ে। এনে আত্মোৎকর্ষৰ সাধনাও ব্যক্তিৰ ঈস্পিত লক্ষ্যত উপনীত হোৱাৰ পথ প্রশস্ত কৰে।
নিজে বাচি লোৱা কিছুমান নির্দিষ্ট কামৰ অভ্যাসৰ জৰিয়তে আত্মানুশাসন আয়ত্ত কৰিব পৰা যায়।
সাংঘাতিক কিবা এটা বুলি দূৰৰ পৰাই অস্বীকাৰ কৰাতকৈ যোগাত্মক প্রয়াসৰ দৃষ্টিভঙ্গীৰেহে আত্মানুশাসনক গ্রহণ কৰিব লাগে।

দিনটোৰ এটা নির্দিষ্ট সময় নির্ধাৰণ কৰি সৰু হ'লেও এটা কাম কৰাৰ কথা ভাৱক।
সেই নির্দিষ্ট সময়টো নোহোৱালৈকে কামটো আগতীয়াকৈ কৰি পেলোৱাৰ ইচ্ছাৰ পৰা বিৰত থাকক ।

  • পোৱা আৰু গোধূলিৰ দুটা সময়ত কৰিবলৈ এটা এটা কাম নির্দিষ্ট কৰি লওক।
  • কামটোৰ বাবে ১৫ মিনিটতকৈ বেছি সময় প্রথমতেই নল'ব।
  • সঠিক সময়টোলৈ অপেক্ষা কৰক। সময় হোৱাৰ ল'গে ল'গে কামটো আৰম্ভ কৰক।
  • অতি কমেও দু’মাহৰ বাবে এই কার্যসূচী অনুসৰণ কৰক।

উপকাৰঃ এনে নির্ধাৰিত কর্ম-সূচীয়ে আপোনাক কামবোৰৰ প্রতি অগ্রাধিকাৰ ভিত্তিত মনোযোগ কেন্দ্রীভূত কৰাত সহায় কৰিব। যিকোনো কামৰ সমাপন চিন্তাতকৈ আৰম্ভনিৰ প্রতি ধ্যান কেন্দ্রীভূত কৰাটো দৰকাৰ। এনেকৈ ভাৱিব পাৰিলেহে কাম আৰম্ভ কৰি আগবাঢ়িলেহে সময়ত শেষ কৰাৰ প্রতি থকা হেমাহি ভাৱৰ পৰা নিস্তাৰ পাব।

  • কোনো ধৰণৰ হেঁচাৰ বশৱর্তী নোহোৱাকৈ কামৰ বাবে মন স্থিৰ কৰি সময় নির্ধাৰণ কৰক।
  • আপুনি কৰা কামৰ অগ্রগতি সম্পর্কে সচেতনতাৰে দৃষ্টি ৰাখক। নির্ধাৰিত সময় শেষ হোৱাৰ পাছত কামটোৰ বাবে ধার্য কৰা সময়ৰ ভিতৰত আপুনি কিমান আগবাঢ়িব পাৰিলে বা কিবা বাকী থাকিলনেকি পৰিষ্কাৰকৈ লিপিবদ্ধ কৰক।

উপকাৰঃ কামৰ অগ্রগতি সম্পর্কীয় কথাবোৰ লিপিবদ্ধ কৰি ৰাখিলে আপুনি কৰা কামটোৰ বাবে খৰচ হোৱা সঠিক সময়ৰ বিষয়ে আভাস পোৱাত সহায়ক হ'ব।

  • যদি আপুনি নির্দিষ্টকৈ ধৰি লোৱা সময়ৰ ভিতৰত কৰিবলৈ বিচৰা কামখিনি সম্পূর্ণ হোৱাৰ পাছত সময় বাকী থাকি যায় তেতিয়া হ'লে সৰু সৰু কামেৰে সেই ৰাহি হোৱা সময়খিনিৰ সদ্ব্যৱহাৰ কৰক আৰু নিজৰ সুবিধাৰ বাবে সেইখিনিৰ বিষয়েও লিখি ৰাখক।

দৈনন্দিন কর্মসূচীৰ সফল ৰূপায়ণেৰে নিজৰ সামর্থ্য উজ্জীৱিত কৰিবলৈ যত্নপৰ হওক।

  • দিনটোত কেইবা ঘন্টাও একোটা কামতে বা একেটা বিষয়তে লাগি থাকিলে আন কাম বা আন বিষয়ত সময় দিব নোৱাৰা হয়। কামটো অসমাপ্ত হ'লে বেলেগ দিনাও সময় খৰচ কৰিব ল'গা হ'ব পাৰে। তেনে অৱস্থা হোৱাতকৈ বেলেগ বেলেগ কামৰ বাবে দিনটোত সময় ভগাই লওক। এনেকৈ সপ্তাহটোত প্রতিটো দিন বিভিন্ন কামৰ বাবে ভগাই লওক ।
  • দৈনন্দিন সময়সূচীৰ প্রতি দৃঢ়তাৰে মনোযোগ দিয়ক।
  • যিকোনো উদ্দেশ্য বা লক্ষ্যত উপনীত হ'বৰ বাবে সময় নির্ধাৰণ কৰাটো যেনেকৈ জৰুৰী তেনেকৈ সময়ৰ কাম সময়ত কৰাটোও জৰুৰী।গতিকে দৈনন্দিন কর্ম-আঁচনী অনুযায়ী কাম কৰাৰ অভ্যাস গঢ়ি তোলক।
  • এই পদ্ধতি বা কৌশল হ'মৱর্ক, প্রকল্প ইত্যাদিৰ ক্ষেত্রত প্রয়োগ কৰিলে কামবোৰ সফলতাৰে সম্পন্ন কৰিব পাৰিব।

উপকাৰঃ আপুনি একেলগে কামখিনি কৰাৰ কথা নাভাবি এটা এটা সৰু সৰু ভাগত ভাগ কৰি কৰাৰ পৰিকল্পনা কৰক। অভ্যাস এটা গঢ়ি তোলক। এই অভ্যাসৰ বলতে আপোনাৰ কামবোৰ আপোনা-আপুনি সমাপনৰ দিশত আগবাঢ়ি যাব ।

আত্মানুশাসনৰ সহায়ত সময়ৰ গুৰুত্ব বুজি উপযুক্ত ভাবে সময়ৰ ব্যৱহাৰ কৰিবলৈ শিকক।

সময় সম্পর্কীয় ধ্যান আৰু জ্ঞান আয়ত্ত কৰাটো এক অবশ্যম্ভাবী গুরুত্বজ্ঞাপক কার্য হ'ব পাৰে ।
আপোনাৰ নিজৰ ওপৰত নিয়ন্ত্রণ থাকিলেহে সময় নিয়ন্ত্রণাধীন কৰিব পাৰিব।
নির্দিষ্ট কর্ম ৰূপায়নৰ জৰিয়তে আত্মানুশাসনৰ অনুশীলন আৰম্ভ কৰক আৰু সেইখিনিৰ পৰাই নিজকে দক্ষতাৰে গঢ়ি তোলাৰ প্রস্তুতি যাত্রাত অগ্রসৰ হওক।

উপকাৰঃ কামৰ ওপৰত নিয়ন্ত্রণ আনিব পাৰিলেই আপুনি নিজকো শৃঙ্খলিত কৰিব পাৰিব,
নিজক অনুশাসিত কৰিব পাৰিলে সময়ৰ মর্যাদা আৰু গুৰুত্ব উপলব্ধি কৰিবলৈ সক্ষম হ'ব।
তেতিয়াহে মনলৈ আত্মবিশ্বাস আহিব ।

আত্মানুশাসন সম্পর্কত বিৱৰণমূলক টোকা বহী এখন লগত ৰাখক।

  • ইয়াত আপুনি কৰিবলৈ লোৱা কামৰ আৰম্ভণি আৰু সমাপনৰ কাৰণে লোৱা ধার্য সময় লিখি ৰাখক।
  • আপোনাৰ অগ্রগতি সম্পর্কীয় খতিয়ান লিপিবদ্ধ কৰি যোৱাৰ লগে লগে সেই সমূহৰ পুনর্ণিৰীক্ষণৰ বাবেও ব্যবস্থা ৰাখক।

উপকাৰঃ কামৰ দৈনন্দিন বিৱৰণ ৰখা এই টোকা বহীখন আপোনাৰ কামৰ গতি-প্রকৃতিৰ ছবি এখন দাঙি ধৰিবৰ বাবে এক মূল্যবান সঁজুলি হ'ব পাৰে। গুৰুত্ব অনুযায়ী কোনবোৰ কাম আগত কৰিবলগীয়া আৰু কোনবোৰ পিছত কৰিব পৰা সেই বিষয়েও ধাৰণা কৰিব পাৰিব যাতে অগ্রাধিকাৰ ভিত্তিত প্রয়োজনীয় কামৰ সময় নির্ধাৰণ কৰিবলৈ সহজ হয়।

আপোনাৰ অধ্যয়ন আৰু অন্যান্য কাম তালিকাভুক্ত কৰক ঃ

  • প্রতিটো কর্মদিন আৰম্ভ কৰাৰ আগতেই দিনটোত অধ্যয়ন কৰিব লগিয়া বিষয় বা কৰিব লগা কামৰ সঠিক পৰিকল্পনা ভাগ ভাগ কৰি সেই সমূহ তালিকাভুক্ত কৰক যাতে কামবোৰ দিনটোৰ ভিতৰত নিয়াৰিকৈ শেষ কৰিব পাৰে ।
  • তালিকাখন অগ্রাধিকাৰ ভিত্তিত কৰক।
  • যেতিয়াৰ যিটো কাম লগে লগে আৰম্ভ কৰাত আৰম্ভ কৰাত দৃঢ় হওক।
  • একেলেথাৰিয়ে কেইদিনমান এই নিয়ম মানি কাম কৰক আৰু চাওক এইটো অভ্যাস হিচাপে গঢ় লৈছেনে!
  • এবাৰ এটা অভ্যাস হ'লেই আপুনি পূর্বতে তাৰ বাবে ব্যৱহাৰ কৰা সময় বাচি যায়। এনেকৈ সময় বাচিলে আপুনি আন কিবা কাম উলিয়াই ল'ব পাৰিব। কিমান, সেয়া নির্ভৰ কৰিব আপোনাৰ আৰু আপোনাৰ অভ্যাসৰ ওপৰত।

উপকারঃ দিনটো আৰম্ভ কৰিলেই লওঁতেই দিনটোত কৰিবলৈ বিচৰা কামখিনিৰ এটা স্পষ্ট ধাৰণা আনি ল'ব পাৰিলে প্রণালীবদ্ধ ভাৱে সম্পন্ন কৰিব পৰাৰ সম্ভাৱনাটোৱে আপোনাক উৎসাহী কৰি ৰাখিব।গতিকে দিনটোৰ কর্মসূচী লিপিবদ্ধ কৰি ল'লে বা আঁচনি এখন যুগুত কৰি ল'লে বৃথা সময় নষ্ট হোৱাৰ পৰা ৰক্ষা পাব পাৰি।

সতর্কীকৰণঃ

  • সময়ৰ কাম সময়ত সম্পন্ন কৰিব নোৱাৰিলে শঙ্কিত ন'হব। প্রত্যাহ্বানৰ মুখামুখি হ'বলৈ সাহস কৰক।
  • যদি কিবা ভুল হয় বা বাধা পায়,তেতিয়াও চিন্তিত নহ'ব।সহজভাবে ল'ব, ভাবিব, জীবনত এইবোৰ স্বাভাবিক ঘটনা।
  • তেনেকুৱা অৱস্থাৰ সম্মুখীন হ'লে অলপ ৰৈ দিয়ক। তাৰ পিছত নিজকে পৰিস্থিতিৰ মোকাবিলা কৰিবলৈ সাজু কৰক আৰু নতুন উদ্যমেৰে কর্মত প্রবৃত্ত হওক।

কেইটামান কৌশলঃ

পুৰণি অভ্যাসৰ লগত নতুন অভ্যাস সংযোজিত কৰকঃ
যদি আপোনাৰ দিনটোৰ আৰম্ভণি একাপ চাহ বা কফিৰে কৰাৰ অভ্যাস আছেই তেন্তে খাই লওক। তাৰ পিছত নির্দিষ্ট কৰি লোৱা কাম আৰম্ভ কৰক।

উপকাৰঃ এনেকৈ পুৰণি অভ্যাসৰ লগত নতুন অভ্যাসৰ সংযোজনে আপোনাক অনাহক হেঁচাৰ পৰা উদ্ধাৰ কৰি সহজ কৰিব। ন'হলে নতুন অভ্যাসক আয়ত্ব কৰিবলৈ যাওঁতে আপোনাৰ অনভ্যস্ত মনটোক পুৰণিৰ পৰা বিচ্ছিন্ন কৰাৰ দুখে কর্মসূচীৰ লগত আপনাক একাত্ম হোৱাত হেঙাৰৰ সৃষ্টি কৰিব পাৰে।

নতুন কর্ম তালিকাৰ অগ্রগতি চিহ্নিতকৰণঃ
আপুনি প্রস্তুত কৰা লোৱা কর্ম তালিকাখনৰ একোটা কাম সম্পন্ন হোৱাৰ পাছত চিন দি যোৱাৰ ব্যবস্থা কৰক। এই কামটো থাওকতে কৰিব পৰাকৈ আপোনাৰ গা ধোৱা ঘৰত থকা কেলেণ্ডাৰখনত,খোৱা টেবুলত বা কম্পিউটাৰটতে সেই ব্যবস্থা ৰাখিব পাৰে।

উপকাৰঃ এনেকৈ দেখি থকাকৈ চিহ্নিতকৰণে কামৰ অগ্রগতি সম্পর্কে আপোনাক জনাই থাকিব। পিছৰ কামৰ বাবে প্রেৰণাও পাব।

আদর্শ ব্যক্তিত্ব তথা ৰ’ল মডেলঃ
জীৱনত আপুনি ল'গ পোৱা আকর্ষণীয় বিখ্যাত ব্যক্তিসকললৈ মন কৰক। বুজিবলৈ চেষ্টা কৰক কিহে তেখেতসকলক পৰিশীলিত আৰু সুশৃঙ্খল জীৱন গঢ়াত সহায় কৰিছে।, জীৱনৰ লক্ষ্যপূৰণত আত্মানুশাসন আৰু তাৰ সহযোগী অভ্যাসবোৰে কিদৰে প্রভাৱান্বিত কৰিছে!তেকেতসকলৰ পৰা জানিবলৈ চেষ্টা কৰক , পৰামর্শ বিচাৰক।

সময়ৰ ব্যৱস্থাপনা |
কামকাজৰ পৰিকল্পনাৰ জড়িয়তে মানসিক চাপৰ ব্যৱস্থাপন  |
 কৰিব লগা কামৰ তালিকা প্রস্তুত কৰণ |
এলাহ বা হেমাহিৰ পৰা আঁতৰি থাকক | আত্মানুশাসনৰ উত্তৰণ |
সমস্যাৰ ব্যাখ্যাকৰণ; খা-খবৰ সংগ্রহ | খণ্ড ১ ঃ আত্মপ্রণোদন ঃ অন্তর্নিহিত প্রণোদন