Kiosk Guides for Learning

যি কোনো কাম ফলপ্রসূ হ’বলৈ সদায় প্রণালীবদ্ধতা মানি চলিব লাগে, কাৰণ মানুহৰ বাবে অধম শত্রু হ’ল শৃঙ্খলতাহীনতা।
–হেছিয়ড, এজন গ্রীক কবি, ৮ম শতিকা, (খ্রীঃপূঃ)

কৰিব লগা কামৰ তালিকা প্রস্তুত কৰণ

কৰিব লগা কামৰ তালিকা—কি , কিয়, আৰু কেনেকৈ

কিঃ

  • তালিকা প্রস্তুতঃ
    বিভিন্ন কামৰ ভিতৰত গুৰুত্বপূর্ণ বুলি ভবা তিনিটাৰ পৰা পাঁচটা কাম নির্বাচন কৰি সহজে চাব পৰাকৈ লিখি ৰাখা যাতে কোনটো কামৰ পিছত কোনটো কাম কেতিয়া কৰিব লাগিব ভবা-চিন্তা কৰি সময় নষ্ট নকৰাকৈ আগবাঢ়িব পৰা যায়।
  • স্থানচ্যুত হ’ব নোৱাৰাকৈ লগাই ৰখাঃ
    লিখাখিনি এখন বুলেটিন বর্ডত লগাই এনে ঠাইত থোৱা যাতে আহোতে-যাঁওতে চকুত পৰে আৰু তোমাক প্রাধান্য অনুসৰি ধার্য কৰা সময়ৰ ভিতৰত কামবোৰ সম্পন্ন কৰিবলৈ উদগনি দি থাকে।
  • সংগঠিত কৰাঃ
    কর্মসূচী প্রস্তুত আৰু নির্ধাৰণৰ বাবে এইটো এটা সাংগঠনিক কৌশল, যিটোক বৈদ্যুতিন কেলেণ্ডাৰ তৈয়াৰ কৰোতে, ই-মেইল, এচ এম এচ, তাৎক্ষণিক বার্তাবহন, কৌশলগত ব্যৱস্থা আৰু আন যোগাযোগৰ ক্ষেত্রতো ব্যৱহাৰ কৰিব পাৰি।
  • এইখন কৰিব নলগা কামৰ তালিকা হ’ব পাৰে যদিহে কামৰ বাবে সময়সূচী নির্ধারণ কৰা নাথাকে, অথচ বিষয়টো পাহৰিবলৈও বিচৰা নাই।
  • এনে ব্যৱস্থাই তোমাক কালনুক্রমৰ অভিজ্ঞতা দিয়াৰ লগতে সম্পর্কিত আন উপৰুৱা কাম আদিৰ বিষয়েও উপলব্ধি কৰাৰ যি তোমাৰ কাম সম্পন্ন হোৱাত সহায়ক হ’ব। কিন্তু উপকামবোৰ এইখন তালিকাৰ ভিতৰুৱা নহয়।

কিয়ঃ

  • মানসিক হেঁচা কমোৱাঃ
    বিষয়ৰ প্রাধান্য অনুযায়ী কৰিব লগা কামবোৰক তোমাৰ জীৱনৰ লগৰীয়া বুলি ভাবি আপোন কৰি লব পাৰিলে মানসিক হেঁচাৰ পৰা মুকলি হ’ব পাৰিবা।
  • নিজে নিজৰ মনত ৰখাঃ
    উপযুক্ত স্থানত দেখি থকাকৈ লিখি ৰখা এনেকুৱা কর্মসূচীয়ে তোমাক তোমাৰ প্রয়োজনীয় কাম কৰিবলৈ সততে মনত পেলাই থাকিব।
  • পদ্ধতিগত কৌশলেৰে সম্পাদনঃ
    কার্যসূচীখন দেখাৰ লগে লগে তোমাৰ মনলৈ কামটো কৰিব লগাৰ ভাবটো আহিব। তেতিয়া কেনেকৈ, কিহৰ সহায়ত আৰু কি উপায়েৰে কামটো সম্পন্ন কৰিব পাৰিবা সেই আঁচনিটোও মনলৈ আহিব।
  • এনে ব্যৱস্থা আনন্দদায়ক ধেমালিও গ্রহণ হ’ব পাৰে
    মানসিক হেঁচা বুলি ভাবিবলৈ এৰিলেই মনলৈ অহা মুকলি ভাবে মনটোক পাতল কৰি উৎসাহিত কৰিব আৰু কামটো সম্পন্ন কৰাৰ আনন্দদায়ক অনুভূতি এটাই ক্রিয়া কৰি সমাপ্তিৰ পিনে তোমাক আগবঢ়াই লৈ যাব। কামটোৰ লগত সম্বন্ধ থকা কিবা ৰূপ বা আকৃতি , প্রতিকৃতি নাইবা ছবিৰ সংযোজনেও তোমাক কামটো উপভোগ কৰিবলৈ শিকোৱাৰ লগতে সঠিক উপস্থাপনতো সহায় কৰিব।

কেনেকৈঃ

  • ওপৰত দিয়া সাধাৰণ অনুশীলনটো কামৰ চিনাক্ত কৰণৰ কাৰণে ব্যৱহাৰ কৰা।
  • কামৰ প্রাধান্য অনুসৰি কার্যপন্থাৰ অনুক্রম ঠিক কৰি যত থৈছিলা সেইখন চাই পুনঃপুনঃ সংশোধন সংযোজন কৰি যোৱা।
  • বিষয়বোৰ বৈদ্যুতিন কেলেন্ডাৰত, ই মেইলত এছ এম এচত তাৎক্ষণিক বার্তাবহন ৰূপত, কৌশলগত ৰূপৰ লগত আৰু অন্যান্য যোগাযোগ ব্যৱস্থা ৰূপত সুমুৱাই ৰাখা।
  • বিনিময় কৰা।
    তোমাৰ কার্যসূচীৰ পৰিকল্পনাৰ বিষয়ে ভাব বিনিময় কৰা। তোমাৰ বন্ধুবর্গক, পৰিয়াল বা সহপাঠীক তোমাৰ কার্যপন্থা সম্পর্কে অৱগত কৰাই ৰাখা; যাতে তুমি ক’ত আছা, কি কৰি আছা, জানি থাকিব পাৰে, সহযোগ কৰিব পাৰে।
  • কোনো কাম বা বিষয় সমাপন হ’লে সেইটো লিখি ৰখা তালিকাত কাটি দিয়া আৰু সমাপ্তিৰ আনন্দ উপভোগ কৰা।
  • তোমাৰ দৈনন্দিন জীৱনৰ কার্যক্রমণিকাতো এনেকৈ কৰিব লগা কামৰ তালিকা কৰি লোৱা।

সময়ৰ ব্যৱস্থাপনা |
কামকাজৰ পৰিকল্পনাৰ জড়িয়তে মানসিক চাপৰ ব্যৱস্থাপন  |
কৰিব লগা কামৰ তালিকা প্রস্তুত কৰণ |
এলাহ বা হেমাহিৰ পৰা আঁতৰি থাকক | আত্মানুশাসনৰ উত্তৰণ |
সমস্যাৰ ব্যাখ্যাকৰণ; খা-খবৰ সংগ্রহ | খণ্ড ১ ঃ আত্মপ্রণোদন ঃ অন্তর্নিহিত প্রণোদন