Kiosk Guides for Learning

যি কোনো কথা যথার্থভাবে ফলপ্রসূ হ’ব তেতিয়াহে, যেতিয়া সময় অনুক্রম সঠিক হ’ব। --
মার্ক টোৱেইন, আমেৰিকা,
১৮৩৫-১৯১০

সময়ৰ ব্যৱস্থাপনা

সময়ৰ ব্যৱস্থাপনাঃ শিক্ষানুষ্ঠানৰ দিন বাৰৰ তালিকা অনুযায়ী কর্মসূচী নির্ধাৰণঃ

(এইখন এখন বহল পৰিসৰ ছবি, ইয়াক বেছি বিস্তৃত কৰিব নালাগে)

শিক্ষানুষ্ঠানৰ বাবে নির্ধাৰিত কাম বা ষান্মাসিকৰ
বাবে নিৰূপিত দিন-বাৰৰ তালিকাখন হাতত লোৱা।

তোমাৰ শ্রেণীবোৰৰ কাৰণে দৰকাৰী তাৰিখবোৰেৰে নিজাববীয়াকৈ এখন কেলেণ্ডাৰ প্রস্তুত কৰা।যেনেঃ

প্রশ্নকাকত অনুযায়ী অধ্যয়ন, বন্ধ, বিৰতি, প্রশ্নোত্তৰ লিখন, প্রাসঙ্গিক অধ্যয়ন, প্রকল্প প্রস্তুতকৰণ, শিক্ষাবর্ষৰ আভ্যন্তৰিণ পৰীক্ষা, বছনি পৰীক্ষা, শিক্ষান্ত পৰীক্ষা ইত্যাদি।

পাৰিবাৰিক আৰু সামাজিক জীৱনৰ বাবে দৰকাৰ হোৱা তাৰিখবোৰো অন্তর্ভূক্ত কৰা ।

প্রতিটো সপ্তাহৰ বাবে দৈনিক কর্মসূচী এখন তৈয়াৰ কৰা, যিখনত ৰুটিনখনৰ লগতে দৰকাৰী তাৰিখবোৰও থাকিব।

তুমি পঢ়া-শুনা কৰা নির্দিষ্ট ঠাইত এইখন সহজে চকুত পৰাকৈ লগাই যোৱা , যাতে তোমাৰ প্রতিটো কৰণীয় কাম, সেই কামৰ পুনর্নিৰীক্ষণ আৰু অগ্রগতিৰ বিষয়ে খতিয়ান লোৱাত সহায়ক হয়।

প্রতি সন্ধিয়া এটা সময় ঠিক কৰি লোৱা , যিটো সময়ত তুমি পিছদিনাৰ বাবে থকা কামবোৰ আগতীয়াকৈ গত লগাই থব পাৰিবা। ধৰি লোৱা , রুটিনৰ কামৰ উপৰিও কাৰোবাক লগ কৰা, কিবা প্রয়োজনত ক’ৰবালৈ যাব লগা আদিৰ বাবে সময় চিন্তা কৰি থব পাৰা।

প্রতিদিনৰ কর্মসূচী পুৱা এবাৰ নিৰীক্ষণ কৰা ।


কেনেকৈ কৰিবা? ছপা কৰি ওলিৱাই লোৱা।
  1. সময়ৰ ব্যৱস্থাপনা
  2. মোৰ দিনটোৰ কার্যসূচীঃ
  3. শিকাৰু সকলৰ কাৰণে সাপ্তাহিক পৰিকল্পনাঃ--সময় ব্যৱস্থাপনাঃ
  4. সময় ব্যৱস্থাপনাঃ লক্ষ্য/ উদ্দেশ্য আৰু প্রাধান্য বা অগ্রাধিকাৰ
  5. সময়ৰ ব্যৱস্থাপনাঃ শিক্ষানুষ্ঠানৰ দিন বাৰৰ তালিকা অনুযায়ী কর্মসূচী নির্ধাৰণঃ