Kiosk Guides for Learning

আনন্দ বা সুখ এটা লক্ষ্য হ’ব নোৱাৰে। ই এটা অনুভৱ ,
যে কর্মসূচী আগবঢ়াই নিয়াত লগে লগে থাকি উদ্দীপনা যোগায়।–
পল গুডমেন, আমেৰিকা,
১৯১১-১৯৭২

সময়ৰ ব্যৱস্থাপনা

সময় ব্যৱস্থাপনাঃ লক্ষ্য/ উদ্দেশ্য আৰু প্রাধান্য বা অগ্রাধিকাৰ

তলত দিয়া অনুশীলনত তুমি ভবা তিনিটা লক্ষ্য বা উদ্দেশ্য বাচি লোৱা ।
যে কেইটা তুমি সম্পূর্ণ কৰাৰ কথা ভাবিছা, সেই কেইটাক তুমি নির্ধাৰিত কাম ৰূপে গণ্য কৰা।

ইয়াৰ পাছত--তোমাৰ কৰণীয় কাম কেইটা সজাই লোৱা;মানসিক হেঁচা চম্ভালি থকা।

হেঁচা কমাবলৈ এটা তিনিটা দৰকাৰী কামৰ তালিকা কৰা যি
কেইটা তুমি সম্পূর্ণ কৰিবলৈ বিচৰা।

১)

২)

৩)

এই তিনিটাৰ প্রতিটো কাম সম্পূর্ণ কৰিবলৈ তিনিটা খাপ থাকিব এনেদৰেঃ

১ক..................১খ..................১গ.....................

২ক..................২খ..................২গ.....................

৩ক..................৩খ..................৩গ.....................

এতিয়া ভালকৈ ভাবি-চিনতি প্রাধান্যৰ ভিত্তিত একাদিক্রমে কাম কেইটা সজাই লৈ ছপা কৰি অনবৰতে দেখি থকাকৈ চকুৰ আগত ৰাখা যাতে সেইমতে
অনুসৰণ কৰি আগবাঢ়ি যাব পাৰা।

তোমাৰ পছন্দ মতে নির্ধাৰিত কামৰ সম্পূর্ণ প্রতিলিপি ছপাৰূপে উলিয়াই

তোমাৰ বাবে দৰকাৰী তিনিটা লক্ষ্য বা উদ্দেশ্য তালিকা কৰি সেই কেইটা সম্পন্ন কৰিবলৈ

দীঘলীয়া সময় ল’ব নে

মধ্যমীয়া সময় ল’ব নে

সোনকালেই কৰিব পৰা যাব সেই মতে উল্লেখ কৰিবা।

এতিয়া চোৱাচোন সপ্তাহটোত প্রতিটো লক্ষ্য পূৰণৰ বাবে তুমি কিমান সময় ৰাখিছা?

তুমি ৰখা সময়ৰ বিভাজনবোৰে লক্ষ্যৰ অগ্রাধীকাৰ বা প্রাধান্য প্রতিফলিত কৰিছেনে?

প্রাধান্য অনুযায়ী কৰিবলৈ লোৱা কামৰ বাবে ৰখা নির্দিষ্ট সময় সলনি কৰিব পাৰিবা নে?

সহজে সময় সলনি কৰাৰ সুবিধা কোনখিনিত আছে—সপ্তাহটোৰ শেষৰ ফালে নে দেওবাৰৰ বাহিৰে আন কোনো দিনত?

পৰিবর্তন কৰিব খুজিলে কোনটো সময়ত পাৰিবা, নে দুয়োটা সময়ত পাৰিবা?

লক্ষ্য পৰিবর্তন কৰিব পাৰিবানে? বিকল্পবোৰ কি কি?

শিক্ষানুষ্ঠানৰ বিৰতি বা বন্ধ হোৱাৰ সময়লৈকে কিবা লক্ষ্য পিছুৱাব পাৰিবা নেকি?

শিক্ষানুষ্ঠানৰ আভ্যন্তৰীণ পৰীক্ষা বা সংশ্লিষ্ট শৈক্ষিক কর্মই তোমাৰ সময় বিভাজনত কেনেকুৱা প্রভাৱ পেলাইছে?

শ্রেণী-কোঠাৰ শিক্ষা গ্রহণৰ দায় দায়িত্ব আৰু কর্তব্যত বিঘিনি নঘটোৱাকৈ তুমি কি দৰে পৰিবর্তন সাধন কৰিব পাৰিবা?

কেনেকৈ কৰিবা? ছপা কৰি ওলিৱাই লোৱা।
  1. সময়ৰ ব্যৱস্থাপনা
  2. মোৰ দিনটোৰ কার্যসূচীঃ
  3. শিকাৰু সকলৰ কাৰণে সাপ্তাহিক পৰিকল্পনাঃ--সময় ব্যৱস্থাপনাঃ
  4. সময় ব্যৱস্থাপনাঃ লক্ষ্য/ উদ্দেশ্য আৰু প্রাধান্য বা অগ্রাধিকাৰ
  5. সময়ৰ ব্যৱস্থাপনাঃ শিক্ষানুষ্ঠানৰ দিন বাৰৰ তালিকা অনুযায়ী কর্মসূচী নির্ধাৰণঃ