Kiosk Guides for Learning

পৰিকল্পিত আঁচনিৰে ভালকৈ কৰা কামৰ সাধাৰণতে সমাপনো শুভ হয়।–
চফ’কলচ ,খ্রীঃ ৪০৬

সময় ব্যৱস্থাপনা

মোৰ দিনটোৰ কার্যসূচীঃ

  • তুমি কেনেকৈ সময় কটোৱা পুনর্নিৰীক্ষণ কৰা ।
  • অগ্রাধিকাৰ ভিত্তিত তোমাৰ লক্ষ্য আৰু উদ্দেশ্যৰ প্রাধান্য নির্ণয় কৰা ।
  • দুয়োটাৰ মাজত তুলনা কৰি চোৱা ।

তলত দিয়া চাৰিটা ক্রম অনুযায়ী সময়ৰ হিচাপ এটা কৰিব
পাৰিলে তুমাৰ সুবিধা হ’ব পাৰেঃ

  • তুমি দিনটোৰ ২৪ ঘণ্টা সময় কেনেকৈ কটাবা ঠিক কৰি লোৱা।
  • প্রতিটো কাম আৰু তাৰ বাবে প্রয়োজনীয় সময় অথবা সময়ৰ ভগ্নাংশ লিখা আৰু দিনৰ মুঠ সময়ৰ পৰা বাদ দি যোৱা।

দিনটোৰ মুঠ ঘণ্টাৰ পৰা দৈনিক কার্যাৱলীৰ নামত কিমান সময় হাতৰ পৰা সৰকি যায় চোৱাঃ


দৈনন্দিন কার্যসূচী

শোৱাৰ সময়
নিজৰ কাৰণে লোৱা যত্নৰ সময় /ঘৰোৱা কাৰোবাৰ আল পৈচান ধৰোতে লোৱা সময়
খাদ্য প্রস্তুত কৰা, খোৱা,
চাফ-চিকুণ কৰোতে লোৱা সময়

পৰিয়ালৰ প্রতি দিব লগা সময়
বন্ধু-বান্ধৱৰ লগত অ’লৈ ত’লৈ যোৱা ,
বা আনন্দ-ফূর্তীৰ কাৰণে কটোৱা সময়
অকলে মুকলি-মূৰিয়াকৈ টি.ভি চোৱা , খেলা ইত্যাদিৰ বাবে সময়
যোগ ব্যায়াম, খেলা-
ধূলা আদিৰ বাবে সময়
শিক্ষানুষ্ঠান বা আন কামলৈ অহা-
যোৱা কৰোতে লোৱা সময়
বিভিন্ন কামত ঘৰে
বাহিৰে কটোৱা সময়
শ্রেণীত উপস্থিত
থকা সময়
অধ্যয়নৰ
সময়
অন্যান্য কিবা কাৰণত
খৰচ হোৱা সময়


কেনেকৈ কৰিবা? ছপা কৰি ওলিৱাই লোৱা।
  1. সময়ৰ ব্যৱস্থাপনা
  2. মোৰ দিনটোৰ কার্যসূচীঃ
  3. শিকাৰু সকলৰ কাৰণে সাপ্তাহিক পৰিকল্পনাঃ--সময় ব্যৱস্থাপনাঃ
  4. সময় ব্যৱস্থাপনাঃ লক্ষ্য/ উদ্দেশ্য আৰু প্রাধান্য বা অগ্রাধিকাৰ
  5. সময়ৰ ব্যৱস্থাপনাঃ শিক্ষানুষ্ঠানৰ দিন বাৰৰ তালিকা অনুযায়ী কর্মসূচী নির্ধাৰণঃ